Skip to main content

Posts

মই আৰু মোৰ গীটাৰ

মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়, যদিও মই তোমাৰ কথা ভবা নাছিলো। মই গীটাৰখন লৈ ষ্ট্ৰিংবোৰ চাফা কৰিলোঁ, কিন্তু মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়! হয়তো মই উন্মাদ হৈ পৰিছো, বৰষুণত শুনিছো তোমাৰ নাম, বতাহত শুনিছো, বাৰে বাৰে শুনিছো, আৰু মোৰ গীটাৰেও যে মাথো  তোমাৰ কথাহে কয়! মই জানো মই আৰু তোমাক কেতিয়াও বিচাৰি নাপাওঁ, বিশ্বাস নহয় যে সকলো শেষ হৈ গ’ল, স্মৃতিবোৰ থাকে চিৰদিনৰ বাবে.. যন্ত্ৰণাদায়ক হৃদয়, কিন্তু মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়। তোমাক ইমানেই মিছ কৰো যে উশাহ বন্ধ হৈ পৰে, আগবাঢ়ি যাবলৈ চেষ্টা কৰো, প্ৰতিদিনে, পদে পদে.. জীৱন হয়টো আৰু কেতিয়াও আগৰ দৰে নহয়, কিন্তু মোৰ গীটাৰেযে মাথো তোমাৰ কথাহে কয়?   হয়, মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়, যদিও মই তোমাৰ কথা ভবা নাই। গীটাৰখন হাতত লৈ ষ্ট্ৰিংবোৰ চাফা কৰিছো, কিন্তু মোৰ গীটাৰেযে মাথো তোমাৰ কথাহে কয়! !! মই আৰু মোৰ গীটাৰ !! জ্যোতি প্ৰসাদ দাস Thu, Nov 2, 2023 ≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠ #The_Poet_In_Me
Recent posts

"স্তব্ধ জীৱন"

লবানে তুমি আদৰি, মোৰ অতীতৰ ভুলবোৰ পাহৰি? আহা আমি যাওঁ আকৌ আগুৱাই নতুনত্বৰ ফুলবোৰ বুটলি।। জীৱনৰ মেৰপাকত হেৰুৱাইছোঁ নিজসস্তা, দেহৰ শক্তি আৰু মনৰ ভাৰসাম্যতা, হেৰুৱাইছোঁ নিজৰ গুণ আৰু লগতে হাতৰ কলা।। আহিবানে তুমি আকৌ এবাৰ মোৰ শক্তি বনি? দোষ বোৰ টো মোৰেই আছিল! এতিয়াহে কৰিছোঁ উপলব্ধি। কিন্তু তুমিও আছিলা সমানেই দোষী ঘূৰাই আনি মোৰ সেই লৰালি।। হেৰাই গল মোৰ সেই কবিতাৰ শব্দ হেৰাই গল মোৰ গানৰ সুৰ হেৰাই গল জীৱনৰ অভিলাসী মোহ হাবাথুৰি খাইছো বিচাৰি অলপ মাত্ৰ সুখ।। মানুহ হওঁ! কোনো যন্ত্ৰ নহয়! হিয়া এখন হয়তো মোৰো আছে! কিন্তু আছেনে তোমাৰ ভাবিবলৈ অকণমানো সময়? প্ৰেমেৰে ভৰা সেই নিশাবোৰ.. নিস্তব্ধতা ভেদী যোৱা তোমাৰ  বুকুৰ স্পন্দন.. উত্তপ্ত উশাহ নিশাহৰ কোলাহল আৰু সপোনতে কৰা আলিংগন।। মনত পৰেনে তোমাৰ সেই অনুভূতি? যেতিয়া লৈছিলোঁ তোমাক  যোৰকৈ বুকুত সাৱটি! আঁকি দিছিলা তুমি আকুলতাৰ সেই ছুমাটি! মোৰ ওঁঠত.. মোৰ বুকুত.. আৰু মোৰ হিয়াত.. খোদিত হৈ ৰল যেন এক প্ৰাচীন মন্দিৰৰ দেৱালত খোদিত হৈ ৰোৱা এক জীৱন্ত লিপি! জ্বলাঞ্জলি দিয়া তোমাৰ এই অভিমানী মন.. নহওঁ মই কোনো পৰ, ছটিয়াই দিয়া আকাশে বতাহে মোৰ প্ৰেমৰ গঙ্গাজল।। লবানে তুমি আকৌ এ

"ৰৈ আছোঁ তোমাৰ বাবে"

আজিও ৰৈ আছোঁ তোমাৰ বাবে লৈ  হৃদয়ৰ সূক্ষ্ম কোনাতে তুমি দিয়া মৰম আৰু মোৰ দুখৰ সংগম... যদি কেতিয়াবা মনত পৰে মোৰ কবিতাৰ শব্দ বোৰে জানো আমনি কৰে  মোৰ গীতৰ সুৰেও তোমাকে ? সৌ সিদিনা দুপৰ বেলা তুমি কৰা সেই প্ৰতিশ্ৰুতি এক দানবৰ নিষ্ঠুৰতাৰ হৈ ৰলা এক প্ৰতিকৃতি নোৱাৰিলোঁ বুজাব হৃদয়ক নেপালোঁ আজিও উত্তৰ তুমি দিয়া উপহাৰ  আৰু সেই প্ৰশ্ন বোৰৰ !!! নোৱাৰো আৰু সহিব হৈ ৰলো যেন এটি সাঁথৰ সমাধান কোনেনো কৰিব কোনে দিব উত্তৰ জীৱন তোমাৰ স্মৃতিৰে ভাহি আছে প্ৰতিচ্ছবি তীক্ষ্ণ চাৱনি আৰু কঠোৰ ভাষাত মৰম পাওঁ বিচাৰি ভালৰ   পৰিনাম  যদি বেয়া হয় অন্ধকাৰ আজি সজ্জন কলা বগাৰ  আজি  কোনো প্ৰভেদ নাই দানবক কৰিলা মহান মই দিয়া দুখৰ নাই  কোনো  ক্ষমা কৰিলোঁ ভুল যদি অজানিতে বুকুৰ তেজেৰে লিখিম তোমাৰ নাম সোঁৱৰিম মাথোঁ তোমাকে.. সোঁৱৰিম মাথোঁ তোমাকে !!! জ্যোতি প্ৰসাদ দাস Dec 8th 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

"মোৰ জীৱন : এক সূৰ্য গ্ৰহণ"

উদয় নহওতেই গ্ৰহণ লগা এটি সূৰ্য। সূৰ্যৰ কিৰণে ভেদিব নোৱাৰা, এক বিশাল কলীয়া ডাৱৰ। আৱৰি ধৰিছে জীৱন। অন্ধকাৰময় পৃথিৱী এখন।। এক ক্ষুদ্ৰ ধূলিকনা। এক বিশাল মৰুভূমি। খেদি ফুৰিছে মৰিচিকা। পিয়াসী মন, পিয়াসী আত্মা। পানী বিচাৰি খাইছে হাবাথুৰি।। লুলুপ্তপ্ৰায় শৰীৰ, আধামৰা জীৱন। ধংসস্তুপত পৰিণত সপোন। ভালৰ পৰিনাম বেয়া! ভগবান নে দানব? সৰি পৰা গছৰ পাত। কিতাপৰ মাজত মৰহি যোৱা ফুল। হেৰাই যোৱা গীতৰ ব্যাকৰণ। বেসুৰা গীতৰ সুৰ।। কষ্ট, বেদনা, অকলশৰীয়া নিশা। পাৰ নোহোৱা সময়। অশান্তিময় ৰাতিপুৱা। চৰাইৰ অশান্তিকৰ কোলাহল।। পোহৰৰ প্ৰস্থান। আশা নিৰাশাৰ যুজঁ। চাৰিওফালে অন্ধকাৰ। পুনৰ আৱিৰ্ভাৱ এক গ্ৰহণ লগা সূৰ্যৰ।। মনক সান্তনা যাচিছোঁ, ইয়াকে কয়। তুমি যে শুব পাৰিছা, এক অপূৰ্ব শান্তিৰ পৰশ লৈ।। "মোৰ জীৱন : এক সূৰ্য গ্ৰহণ" - The Poetry জ্যোতি প্ৰসাদ দাস July 14th 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

"স্মৃতিৰ পাহি"

স্মৃতিৰ পাহি বোৰ গণি আছোঁ আঙুলি বোৰ জ্বলি গৈছে চকুৰ পানীক মলম বনাই প্ৰলেপ সানিছোঁ কিন্তু বেছিকৈয়ে জ্বলিছে দেখোন? এক অবুজ ভাষা, যুদ্ধসম পৰিস্থিতি শব্দ বোৰে ইটোৱে সিটোক বিচাৰি হাবাথুৰি খাইছে হৃদয়ত লুলুপ্ত জুৱালামুখীৰ খলকনি আৰু ৰক্তত শীতল লাভাৰ দৌৰাত্ম।। অঃ পাহৰিছিলোয়েই.. ধেৎ.. অশ্ৰুত দেখোন লবন থাকে! বেছিকৈ নজ্বলি নো কি হব? পাগল কৰবাৰ.. ! তোমাৰ ওচৰত আছে নেকি বাৰু কিবা মলম? আছে যদি দিবাচোন, লগাই চাম.. কিজানিবা অগ্নিদগ্ধ মোৰ এই আঙুলীবোৰে অলপ আৰামেই পাই! স্মৃতিৰ পাহি বোৰ গণি শেষ কৰিবলৈ যে আৰু বহুত বাকী।। "স্মৃতিৰ পাহি" - 𝙏𝙝𝙚 𝙋𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস June 08, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

"প্ৰেমৰ কবিতা"

তোমাৰ দুখত কলীয়া ডাৱৰে হিয়া উজাৰি কান্দে.. বৰষুণৰ ভেষত হেনো চকুলো টুকে। তোমাৰ হৃদয়ৰ দলিছা সদায় যে তিয়াই থৈ যায়.. মোৰ মৰমৰ জ্যোতিয়ে আকৌ হাঁহি হাঁহি শুকুৱাই।। সেই কাৰণে মই শুকুলা মেঘ ভাল পাওঁ। তাৰ মাজেৰে সৰকি অহা বেলিৰ কিৰণ.. আৰু তোমাৰ মুখৰ জিলিকনি.. হেঁপাহে যে নপলাই চাই চাই.. এক সৰ্গীয় অনুভূতিত যেন বিলীন হৈ যাওঁ।। তোমাৰ জীৱন দুখৰ মই বিষ পান কৰো জান। আৰু চিৰ জীৱন কৰি যাম, যেতিয়ালৈ বাচি থাখিব এই শৰীৰত.. অলপ মানো প্ৰাণ।। "প্ৰেমৰ কবিতা" - 𝙏𝙝𝙚 𝙋𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস June 1, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

"মই! মোৰ অস্তিত্ব!"

মই কোন? মই কি? মোৰ অস্তিত্ব? জীৱনৰ যতৰত টাকুৰী ঘূৰা দি ঘূৰি আছোঁ। যিয়ে যেনেকৈ নচুৱাইছে, নাচি আছোঁ। কাৰুবাৰ সুখত যদি হাঁহিছোঁ, কাৰুবাৰ দুখত মই কান্দিছোঁ। কাৰুবাৰ বাবে যদি পতি, কাৰুবাৰ বাবে পিতা। কাৰুবাৰ বাবে যদি ভাই, কাৰুবাৰ বাবে দাদা। কাৰুবাৰ বাবে যদি শত্ৰু, কাৰুবাৰ বাবে হয়তো বন্ধু।। স্বাৰ্থপৰ দুনীয়া ! মোৰ কান্দোন দেখিছানে? কেনেকৈ দেখিবা ! মই যে এটা জক্কৰ ! এক কৃত্ৰিম হাঁহি লৈ যে ঘূৰি ফুৰো মই! নিজৰ দুনীয়া এখন সজাই তুলিছিলোঁ। মোৰ সপোনৰ দুনীয়া! তাৰ মাজত সুমাই থাকি দেখোন ভাল লাগে! এটা সৰু ধুনীয়া ঘৰ! এখন সৰু ধুনীয়া সংসাৰ! যত নাই কোনো স্বাৰ্থ! যত আছে মাথোঁ প্রেম.. মাথোঁ প্ৰেম! কিন্তু তোমাৰ কত সহ্য হব মোৰ সুখ? তোমাক তো মাথোঁ লাগে.. আৰু লাগে। ভাঙি দিলা মোৰ সপোনৰ দুনীয়া। শুহি শুহি খতম কৰি দিলা! আৰু কিমান শুহিবা? নালাগে দুনীয়া! মোৰ দুখত দুখী নহবা। মই হোঁহোৱাই থাকিম, হাঁহি থাকিবা। মই নাচি থাকিম, তুমি নচুৱাই থাকিবা। তালি মাৰা.. হাঁহা.. তালি মাৰা.. মই যে জীৱন চার্কাচৰ এটা জক্কৰ! চোৱা, তুমি বিচৰা ধৰণে মই নাচি আছোঁ। তুমি বিচৰা ধৰণে মই জঁপিয়াই আছোঁ। তা ধিন ধিন

"তুমি"

তুমি মোৰ কবিতাৰ লিপি তুমি মোৰ কবিতাৰ শব্দ তুমি মোৰ কবিতাৰ বাক্য তুমিয়ে মোৰ কবিতাৰ উৎস.. তুমি মোৰ কবিতাৰ উশাহ তুমি মোৰ কবিতাৰ নিশাহ তুমি মোৰ কবিতাৰ ভাষা তুমিয়ে মোৰ কবিতাৰ শিখা.. তুমি মোৰ কবিতাৰ প্ৰেৰণা তুমি মোৰ কবিতাৰ গান তুমি মোৰ কবিতাৰ শক্তি তুমিয়ে মোৰ কবিতাৰ প্ৰাণ.. তুমি মোৰ কবিতাৰ চন্দ্ৰ তুমি মোৰ কবিতাৰ লহৰ তুমি মোৰ কবিতাৰ সূৰ্য তুমিয়ে মোৰ কবিতাৰ পোহৰ.. তুমি মোৰ কবিতাৰ হাঁহি তুমি মোৰ কবিতাৰ পাহি তুমি মোৰ কবিতাৰ প্লাৱন তুমিয়ে মোৰ কবিতাৰ জীৱন.. তুমি মোৰ কবিতাৰ কান্দোন তুমি মোৰ কবিতাৰ চিৎকাৰ তুমি মোৰ কবিতাৰ আৰ্তনাদ তুমিয়ে মোৰ কবিতাৰ চিত্ৰকাৰ তুমিয়ে মোৰ কবিতা।। "তুমি" - 𝑻𝒉𝒆 𝑷𝒐𝒆𝒕𝒓𝒚 জ্যোতি প্ৰসাদ দাস May 03, 2020 # 𝑻𝒉𝒆𝑷𝒐𝒆𝒕_𝑰𝒏𝑴𝒆

"সংগ্ৰাম - 4"

তৃষ্ণাতুৰ হৃদয়ৰ ঢপঢপনি বেলকনিৰ বাহিৰৰ বাঁহনী খিনি হিয়া উজাৰি কান্দিছে চুলি জোকাৰি নাচিছে অস্থিৰতাৰ এক উন্মাদ পৰিবেশ! ফেনৰ বতাহ চোন গাতেই নালাগে বাহিৰত বলি আছে পছোৱা বতাহ যাওঁ বাৰে বাৰে সেই বাঁহনীৰ ওচৰলৈ হৃদয় খন অলপ শীতল কৰিবলৈ কিন্তু মনটো যে অশান্ত? ভাল লগা মানুহ বোৰ আৰু নাই সকলোৱেই দেখোন এৰি গুচি যায় আকৌ এবাৰ মাউৰা হোৱাৰ অনুভৱ দেউতাৰ ছবিখনে বৰকৈ আমনি কৰিছে কিন্তু মই কান্দি থকা কোনেও দেখা নাই! পৰা নাই আৰু শৈয্য কৰিব ওলাই যাম অলপ শান্তিৰ সন্ধানত যত আছে মাথোঁ চৰাইৰ সুৰীয়া মাত যত বলে মাথোঁ এক তৃপ্তিকৰ শীতল বতাহ তৃষ্ণাতুৰ হৃদয়ে কিজানি অলপ পানীয়ে বিচাৰি পাই! "সংগ্ৰাম - 4" - 𝙩𝙝𝙚 𝙥𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস April 29, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

"সংগ্ৰাম - 3"

তোমাক লৈ ৰচিছিলোঁ সপোন বহুত ধুনীয়া ধুনীয়া সপোন এখনি ধুনীয়া সৰগৰ সপোন কিন্তু এইয়া হঠাতে কি হল সকলো ভাঙি যে সুৰমাৰ হৈ গল।। আজি জীৱন যুদ্ধৰ মই এক অকলশৰীয়া চিপাহী এক আহত চিপাহী চটফটাই আছোঁ এটুপি পানীৰ বাবে কিন্তু তুমি যে নাই মোৰ কাষত।। অন্থ কণ্ঠ শুকাই গৈছে মুখেৰে দেখোন মাত নোলোৱা হৈ গৈছে চকুৰ সমুখত ভাহি ফুৰিছে মাথোঁ তোমাৰেই প্রতিচ্ছবি মৰুভূমিৰ মৰিচিকাৰ দৰে।। ভুল মোৰেই হল যুদ্ধ খন বাচোতে ভুল হৈ গল কিন্তু মই যে আছিলোঁ উপায় বিহীন যিহেতু তুমি আছিলা সেই যুঁজৰ নায়িকা মোৰ সপোনৰ ৰাজকুমাৰী।। "সংগ্ৰাম - 3" - 𝙩𝙝𝙚 𝙥𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস April 26, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚