উদয় নহওতেই গ্ৰহণ লগা এটি সূৰ্য।
সূৰ্যৰ কিৰণে ভেদিব নোৱাৰা,
এক বিশাল কলীয়া ডাৱৰ।
আৱৰি ধৰিছে জীৱন।
অন্ধকাৰময় পৃথিৱী এখন।।
এক ক্ষুদ্ৰ ধূলিকনা।
এক বিশাল মৰুভূমি।
খেদি ফুৰিছে মৰিচিকা।
পিয়াসী মন, পিয়াসী আত্মা।
পানী বিচাৰি খাইছে হাবাথুৰি।।
লুলুপ্তপ্ৰায় শৰীৰ, আধামৰা জীৱন।
ধংসস্তুপত পৰিণত সপোন।
ভালৰ পৰিনাম বেয়া!
ভগবান নে দানব?
সৰি পৰা গছৰ পাত।
কিতাপৰ মাজত মৰহি যোৱা ফুল।
হেৰাই যোৱা গীতৰ ব্যাকৰণ।
বেসুৰা গীতৰ সুৰ।।
কষ্ট, বেদনা, অকলশৰীয়া নিশা।
পাৰ নোহোৱা সময়।
অশান্তিময় ৰাতিপুৱা।
চৰাইৰ অশান্তিকৰ কোলাহল।।
পোহৰৰ প্ৰস্থান।
আশা নিৰাশাৰ যুজঁ।
চাৰিওফালে অন্ধকাৰ।
পুনৰ আৱিৰ্ভাৱ এক গ্ৰহণ লগা সূৰ্যৰ।।
মনক সান্তনা যাচিছোঁ,
ইয়াকে কয়।
তুমি যে শুব পাৰিছা,
এক অপূৰ্ব শান্তিৰ পৰশ লৈ।।
"মোৰ জীৱন : এক সূৰ্য গ্ৰহণ" - The Poetry
জ্যোতি প্ৰসাদ দাস
July 14th 2020
Comments
Post a Comment