Skip to main content

Posts

Showing posts from June, 2020

"স্মৃতিৰ পাহি"

স্মৃতিৰ পাহি বোৰ গণি আছোঁ আঙুলি বোৰ জ্বলি গৈছে চকুৰ পানীক মলম বনাই প্ৰলেপ সানিছোঁ কিন্তু বেছিকৈয়ে জ্বলিছে দেখোন? এক অবুজ ভাষা, যুদ্ধসম পৰিস্থিতি শব্দ বোৰে ইটোৱে সিটোক বিচাৰি হাবাথুৰি খাইছে হৃদয়ত লুলুপ্ত জুৱালামুখীৰ খলকনি আৰু ৰক্তত শীতল লাভাৰ দৌৰাত্ম।। অঃ পাহৰিছিলোয়েই.. ধেৎ.. অশ্ৰুত দেখোন লবন থাকে! বেছিকৈ নজ্বলি নো কি হব? পাগল কৰবাৰ.. ! তোমাৰ ওচৰত আছে নেকি বাৰু কিবা মলম? আছে যদি দিবাচোন, লগাই চাম.. কিজানিবা অগ্নিদগ্ধ মোৰ এই আঙুলীবোৰে অলপ আৰামেই পাই! স্মৃতিৰ পাহি বোৰ গণি শেষ কৰিবলৈ যে আৰু বহুত বাকী।। "স্মৃতিৰ পাহি" - 𝙏𝙝𝙚 𝙋𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস June 08, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

"প্ৰেমৰ কবিতা"

তোমাৰ দুখত কলীয়া ডাৱৰে হিয়া উজাৰি কান্দে.. বৰষুণৰ ভেষত হেনো চকুলো টুকে। তোমাৰ হৃদয়ৰ দলিছা সদায় যে তিয়াই থৈ যায়.. মোৰ মৰমৰ জ্যোতিয়ে আকৌ হাঁহি হাঁহি শুকুৱাই।। সেই কাৰণে মই শুকুলা মেঘ ভাল পাওঁ। তাৰ মাজেৰে সৰকি অহা বেলিৰ কিৰণ.. আৰু তোমাৰ মুখৰ জিলিকনি.. হেঁপাহে যে নপলাই চাই চাই.. এক সৰ্গীয় অনুভূতিত যেন বিলীন হৈ যাওঁ।। তোমাৰ জীৱন দুখৰ মই বিষ পান কৰো জান। আৰু চিৰ জীৱন কৰি যাম, যেতিয়ালৈ বাচি থাখিব এই শৰীৰত.. অলপ মানো প্ৰাণ।। "প্ৰেমৰ কবিতা" - 𝙏𝙝𝙚 𝙋𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস June 1, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

"মই! মোৰ অস্তিত্ব!"

মই কোন? মই কি? মোৰ অস্তিত্ব? জীৱনৰ যতৰত টাকুৰী ঘূৰা দি ঘূৰি আছোঁ। যিয়ে যেনেকৈ নচুৱাইছে, নাচি আছোঁ। কাৰুবাৰ সুখত যদি হাঁহিছোঁ, কাৰুবাৰ দুখত মই কান্দিছোঁ। কাৰুবাৰ বাবে যদি পতি, কাৰুবাৰ বাবে পিতা। কাৰুবাৰ বাবে যদি ভাই, কাৰুবাৰ বাবে দাদা। কাৰুবাৰ বাবে যদি শত্ৰু, কাৰুবাৰ বাবে হয়তো বন্ধু।। স্বাৰ্থপৰ দুনীয়া ! মোৰ কান্দোন দেখিছানে? কেনেকৈ দেখিবা ! মই যে এটা জক্কৰ ! এক কৃত্ৰিম হাঁহি লৈ যে ঘূৰি ফুৰো মই! নিজৰ দুনীয়া এখন সজাই তুলিছিলোঁ। মোৰ সপোনৰ দুনীয়া! তাৰ মাজত সুমাই থাকি দেখোন ভাল লাগে! এটা সৰু ধুনীয়া ঘৰ! এখন সৰু ধুনীয়া সংসাৰ! যত নাই কোনো স্বাৰ্থ! যত আছে মাথোঁ প্রেম.. মাথোঁ প্ৰেম! কিন্তু তোমাৰ কত সহ্য হব মোৰ সুখ? তোমাক তো মাথোঁ লাগে.. আৰু লাগে। ভাঙি দিলা মোৰ সপোনৰ দুনীয়া। শুহি শুহি খতম কৰি দিলা! আৰু কিমান শুহিবা? নালাগে দুনীয়া! মোৰ দুখত দুখী নহবা। মই হোঁহোৱাই থাকিম, হাঁহি থাকিবা। মই নাচি থাকিম, তুমি নচুৱাই থাকিবা। তালি মাৰা.. হাঁহা.. তালি মাৰা.. মই যে জীৱন চার্কাচৰ এটা জক্কৰ! চোৱা, তুমি বিচৰা ধৰণে মই নাচি আছোঁ। তুমি বিচৰা ধৰণে মই জঁপিয়াই আছোঁ। তা ধিন ধিন

"তুমি"

তুমি মোৰ কবিতাৰ লিপি তুমি মোৰ কবিতাৰ শব্দ তুমি মোৰ কবিতাৰ বাক্য তুমিয়ে মোৰ কবিতাৰ উৎস.. তুমি মোৰ কবিতাৰ উশাহ তুমি মোৰ কবিতাৰ নিশাহ তুমি মোৰ কবিতাৰ ভাষা তুমিয়ে মোৰ কবিতাৰ শিখা.. তুমি মোৰ কবিতাৰ প্ৰেৰণা তুমি মোৰ কবিতাৰ গান তুমি মোৰ কবিতাৰ শক্তি তুমিয়ে মোৰ কবিতাৰ প্ৰাণ.. তুমি মোৰ কবিতাৰ চন্দ্ৰ তুমি মোৰ কবিতাৰ লহৰ তুমি মোৰ কবিতাৰ সূৰ্য তুমিয়ে মোৰ কবিতাৰ পোহৰ.. তুমি মোৰ কবিতাৰ হাঁহি তুমি মোৰ কবিতাৰ পাহি তুমি মোৰ কবিতাৰ প্লাৱন তুমিয়ে মোৰ কবিতাৰ জীৱন.. তুমি মোৰ কবিতাৰ কান্দোন তুমি মোৰ কবিতাৰ চিৎকাৰ তুমি মোৰ কবিতাৰ আৰ্তনাদ তুমিয়ে মোৰ কবিতাৰ চিত্ৰকাৰ তুমিয়ে মোৰ কবিতা।। "তুমি" - 𝑻𝒉𝒆 𝑷𝒐𝒆𝒕𝒓𝒚 জ্যোতি প্ৰসাদ দাস May 03, 2020 # 𝑻𝒉𝒆𝑷𝒐𝒆𝒕_𝑰𝒏𝑴𝒆

"সংগ্ৰাম - 4"

তৃষ্ণাতুৰ হৃদয়ৰ ঢপঢপনি বেলকনিৰ বাহিৰৰ বাঁহনী খিনি হিয়া উজাৰি কান্দিছে চুলি জোকাৰি নাচিছে অস্থিৰতাৰ এক উন্মাদ পৰিবেশ! ফেনৰ বতাহ চোন গাতেই নালাগে বাহিৰত বলি আছে পছোৱা বতাহ যাওঁ বাৰে বাৰে সেই বাঁহনীৰ ওচৰলৈ হৃদয় খন অলপ শীতল কৰিবলৈ কিন্তু মনটো যে অশান্ত? ভাল লগা মানুহ বোৰ আৰু নাই সকলোৱেই দেখোন এৰি গুচি যায় আকৌ এবাৰ মাউৰা হোৱাৰ অনুভৱ দেউতাৰ ছবিখনে বৰকৈ আমনি কৰিছে কিন্তু মই কান্দি থকা কোনেও দেখা নাই! পৰা নাই আৰু শৈয্য কৰিব ওলাই যাম অলপ শান্তিৰ সন্ধানত যত আছে মাথোঁ চৰাইৰ সুৰীয়া মাত যত বলে মাথোঁ এক তৃপ্তিকৰ শীতল বতাহ তৃষ্ণাতুৰ হৃদয়ে কিজানি অলপ পানীয়ে বিচাৰি পাই! "সংগ্ৰাম - 4" - 𝙩𝙝𝙚 𝙥𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস April 29, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

"সংগ্ৰাম - 3"

তোমাক লৈ ৰচিছিলোঁ সপোন বহুত ধুনীয়া ধুনীয়া সপোন এখনি ধুনীয়া সৰগৰ সপোন কিন্তু এইয়া হঠাতে কি হল সকলো ভাঙি যে সুৰমাৰ হৈ গল।। আজি জীৱন যুদ্ধৰ মই এক অকলশৰীয়া চিপাহী এক আহত চিপাহী চটফটাই আছোঁ এটুপি পানীৰ বাবে কিন্তু তুমি যে নাই মোৰ কাষত।। অন্থ কণ্ঠ শুকাই গৈছে মুখেৰে দেখোন মাত নোলোৱা হৈ গৈছে চকুৰ সমুখত ভাহি ফুৰিছে মাথোঁ তোমাৰেই প্রতিচ্ছবি মৰুভূমিৰ মৰিচিকাৰ দৰে।। ভুল মোৰেই হল যুদ্ধ খন বাচোতে ভুল হৈ গল কিন্তু মই যে আছিলোঁ উপায় বিহীন যিহেতু তুমি আছিলা সেই যুঁজৰ নায়িকা মোৰ সপোনৰ ৰাজকুমাৰী।। "সংগ্ৰাম - 3" - 𝙩𝙝𝙚 𝙥𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস April 26, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

"সংগ্ৰাম - 2"

সেমেকা বতৰ অশান্ত মন তিক্ততা ভৰা শব্দবোৰ কঠোৰ চাৱনিৰে ভৰা জীৱন.. দায়িত্বৰ বুজা কঢ়িয়াই হালি পৰিছে এই শৰীৰ নিদিবা খহি যাব আমাৰ এই পৃথিৱী ধৰি ৰাখা তুমি সেই মাজৰ খুটাটি বনি.. দেউতাৰ খঙাল মুখ খনি ভাহি উঠিছে আজি সমুখত তুমি সাজি থৈ যোৱা এই সৰগ খনি ভবা নাছিলো কেতিয়াও এনেকৈ খহি পৰিব বুলি.. কিমান দিম আৰু কিমান কৰিম সদায়ে যেন কম পৰি যায় দায়িত্বৰ সমাধানৰ মোৰ সেই নোদোকা ভঁৰাল আজি যেন খালি হৈ যায়.. মোৰ আৰু পাবলৈ একো বাকী নাই মোৰ আৰু দিবলৈয়ো যেন একো বাকী নাই এনে লাগে বাকী আছে যদি মাথোঁ এই উশাহ লাগে যদি কবা হয় যদি কাৰোবাৰ দৰকাৰ.. সময়ৰ টাকুৰিত ঘূৰি ঘূৰি পৰিছোঁ যে ভাগৰি নাচিবলৈ নাই আৰু মোৰ মন সেই বগা চাদৰ খনিয়ে দেখোন মাজে মাজে মাতে কিৰিলিয়াই কিন্তু ঘূৰি চাবলৈ নাই যে মোৰ সময় নাজানে নেকি তাই.. কাৰণ মই এতিয়া ব্যস্ত অত্যন্ত ব্যস্ত সেই খালি হৈ পৰা সমাধানৰ ভঁৰাল টু আকৌ যে লাগিব তুলিবলৈ ভৰাই ! "সংগ্ৰাম - 2" - 𝙩𝙝𝙚 𝙥𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস April 11, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

"সংগ্ৰাম"

পাৰ কৰিলোঁ জীৱনৰ এক এক প্ৰতিঘাত.. কেতিয়াবা খোজ কাঢ়ি  কেতিয়াবা সাতুৰী  কেতিয়াবা হয়তো জঁপিয়াই  কেতিয়াবা হয়তো উৰি  কেতিয়াবা অনুগ্ৰহত  কেতিয়াবা হয়তো যুঁজি ।। নাজানো কি আছে ৰৈ, অহা দিনবোৰত  নাই মোৰ কোনো পৰিকল্পনাঃ  মাথোঁ জানো মই এটাই কথা  যিমানেই নাহক কিয় প্ৰত্যাহ্বান  কৰি যাম হাঁহি মুখে প্ৰত্যাখ্যান ।। আভাহীন ভৱিষ্যতৰ কিৰিলি শুনিছোঁ  মাটি আছে মোক হাত বাউলি  হাঁহিছে..  জোকাইছে..  কিন্তু নাজানে সিহঁতে মোক  মই যে কৱচহীন এক যন্ত্ৰ  মই আদি.. মই অনন্ত..  মই 'আজি' ।। "সংগ্ৰাম" - 𝒕𝒉𝒆 𝒑𝒐𝒆𝒕𝒓𝒚 জ্যোতি প্ৰসাদ দাস April 10,2020 #ThePoet_InMe