Skip to main content

"সংগ্ৰাম"


পাৰ কৰিলোঁ জীৱনৰ এক এক প্ৰতিঘাত..

কেতিয়াবা খোজ কাঢ়ি 

কেতিয়াবা সাতুৰী 

কেতিয়াবা হয়তো জঁপিয়াই 

কেতিয়াবা হয়তো উৰি 

কেতিয়াবা অনুগ্ৰহত 

কেতিয়াবা হয়তো যুঁজি ।।


নাজানো কি আছে ৰৈ, অহা দিনবোৰত 

নাই মোৰ কোনো পৰিকল্পনাঃ 

মাথোঁ জানো মই এটাই কথা 

যিমানেই নাহক কিয় প্ৰত্যাহ্বান 

কৰি যাম হাঁহি মুখে প্ৰত্যাখ্যান ।।


আভাহীন ভৱিষ্যতৰ কিৰিলি শুনিছোঁ 

মাটি আছে মোক হাত বাউলি 

হাঁহিছে.. 

জোকাইছে.. 

কিন্তু নাজানে সিহঁতে মোক 

মই যে কৱচহীন এক যন্ত্ৰ 

মই আদি.. মই অনন্ত.. 

মই 'আজি' ।।


"সংগ্ৰাম" - 𝒕𝒉𝒆 𝒑𝒐𝒆𝒕𝒓𝒚

জ্যোতি প্ৰসাদ দাস

April 10,2020


#ThePoet_InMe



Comments