Skip to main content

"মই! মোৰ অস্তিত্ব!"


মই কোন? মই কি?
মোৰ অস্তিত্ব?
জীৱনৰ যতৰত টাকুৰী ঘূৰা দি ঘূৰি আছোঁ।
যিয়ে যেনেকৈ নচুৱাইছে, নাচি আছোঁ।
কাৰুবাৰ সুখত যদি হাঁহিছোঁ,
কাৰুবাৰ দুখত মই কান্দিছোঁ।


কাৰুবাৰ বাবে যদি পতি,
কাৰুবাৰ বাবে পিতা।
কাৰুবাৰ বাবে যদি ভাই,
কাৰুবাৰ বাবে দাদা।
কাৰুবাৰ বাবে যদি শত্ৰু,
কাৰুবাৰ বাবে হয়তো বন্ধু।।


স্বাৰ্থপৰ দুনীয়া !
মোৰ কান্দোন দেখিছানে?
কেনেকৈ দেখিবা !
মই যে এটা জক্কৰ !
এক কৃত্ৰিম হাঁহি লৈ যে ঘূৰি ফুৰো মই!


নিজৰ দুনীয়া এখন সজাই তুলিছিলোঁ।
মোৰ সপোনৰ দুনীয়া!
তাৰ মাজত সুমাই থাকি দেখোন ভাল লাগে!
এটা সৰু ধুনীয়া ঘৰ!
এখন সৰু ধুনীয়া সংসাৰ!
যত নাই কোনো স্বাৰ্থ!
যত আছে মাথোঁ প্রেম.. মাথোঁ প্ৰেম!


কিন্তু তোমাৰ কত সহ্য হব মোৰ সুখ?
তোমাক তো মাথোঁ লাগে.. আৰু লাগে।
ভাঙি দিলা মোৰ সপোনৰ দুনীয়া।
শুহি শুহি খতম কৰি দিলা!
আৰু কিমান শুহিবা?


নালাগে দুনীয়া! মোৰ দুখত দুখী নহবা।
মই হোঁহোৱাই থাকিম, হাঁহি থাকিবা।
মই নাচি থাকিম, তুমি নচুৱাই থাকিবা।
তালি মাৰা.. হাঁহা.. তালি মাৰা..


মই যে জীৱন চার্কাচৰ এটা জক্কৰ!
চোৱা, তুমি বিচৰা ধৰণে মই নাচি আছোঁ।
তুমি বিচৰা ধৰণে মই জঁপিয়াই আছোঁ।

তা ধিন ধিন ধা.. তা ধিন ধিন ধা..


হাঁহা... তালি মাৰা...
হাহাঁহা...
.....


"মই! মোৰ অস্তিত্ব!" - 𝙏𝙝𝙚 𝙋𝙤𝙚𝙩𝙧𝙮
জ্যোতি প্ৰসাদ দাস
May 08, 2020

#𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚


Comments

Popular posts from this blog

"সংগ্ৰাম - 3"

তোমাক লৈ ৰচিছিলোঁ সপোন বহুত ধুনীয়া ধুনীয়া সপোন এখনি ধুনীয়া সৰগৰ সপোন কিন্তু এইয়া হঠাতে কি হল সকলো ভাঙি যে সুৰমাৰ হৈ গল।। আজি জীৱন যুদ্ধৰ মই এক অকলশৰীয়া চিপাহী এক আহত চিপাহী চটফটাই আছোঁ এটুপি পানীৰ বাবে কিন্তু তুমি যে নাই মোৰ কাষত।। অন্থ কণ্ঠ শুকাই গৈছে মুখেৰে দেখোন মাত নোলোৱা হৈ গৈছে চকুৰ সমুখত ভাহি ফুৰিছে মাথোঁ তোমাৰেই প্রতিচ্ছবি মৰুভূমিৰ মৰিচিকাৰ দৰে।। ভুল মোৰেই হল যুদ্ধ খন বাচোতে ভুল হৈ গল কিন্তু মই যে আছিলোঁ উপায় বিহীন যিহেতু তুমি আছিলা সেই যুঁজৰ নায়িকা মোৰ সপোনৰ ৰাজকুমাৰী।। "সংগ্ৰাম - 3" - 𝙩𝙝𝙚 𝙥𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস April 26, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

মই আৰু মোৰ গীটাৰ

মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়, যদিও মই তোমাৰ কথা ভবা নাছিলো। মই গীটাৰখন লৈ ষ্ট্ৰিংবোৰ চাফা কৰিলোঁ, কিন্তু মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়! হয়তো মই উন্মাদ হৈ পৰিছো, বৰষুণত শুনিছো তোমাৰ নাম, বতাহত শুনিছো, বাৰে বাৰে শুনিছো, আৰু মোৰ গীটাৰেও যে মাথো  তোমাৰ কথাহে কয়! মই জানো মই আৰু তোমাক কেতিয়াও বিচাৰি নাপাওঁ, বিশ্বাস নহয় যে সকলো শেষ হৈ গ’ল, স্মৃতিবোৰ থাকে চিৰদিনৰ বাবে.. যন্ত্ৰণাদায়ক হৃদয়, কিন্তু মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়। তোমাক ইমানেই মিছ কৰো যে উশাহ বন্ধ হৈ পৰে, আগবাঢ়ি যাবলৈ চেষ্টা কৰো, প্ৰতিদিনে, পদে পদে.. জীৱন হয়টো আৰু কেতিয়াও আগৰ দৰে নহয়, কিন্তু মোৰ গীটাৰেযে মাথো তোমাৰ কথাহে কয়?   হয়, মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়, যদিও মই তোমাৰ কথা ভবা নাই। গীটাৰখন হাতত লৈ ষ্ট্ৰিংবোৰ চাফা কৰিছো, কিন্তু মোৰ গীটাৰেযে মাথো তোমাৰ কথাহে কয়! !! মই আৰু মোৰ গীটাৰ !! জ্যোতি প্ৰসাদ দাস Thu, Nov 2, 2023 ≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠ #The_Poet_In_Me

"স্মৃতিৰ পাহি"

স্মৃতিৰ পাহি বোৰ গণি আছোঁ আঙুলি বোৰ জ্বলি গৈছে চকুৰ পানীক মলম বনাই প্ৰলেপ সানিছোঁ কিন্তু বেছিকৈয়ে জ্বলিছে দেখোন? এক অবুজ ভাষা, যুদ্ধসম পৰিস্থিতি শব্দ বোৰে ইটোৱে সিটোক বিচাৰি হাবাথুৰি খাইছে হৃদয়ত লুলুপ্ত জুৱালামুখীৰ খলকনি আৰু ৰক্তত শীতল লাভাৰ দৌৰাত্ম।। অঃ পাহৰিছিলোয়েই.. ধেৎ.. অশ্ৰুত দেখোন লবন থাকে! বেছিকৈ নজ্বলি নো কি হব? পাগল কৰবাৰ.. ! তোমাৰ ওচৰত আছে নেকি বাৰু কিবা মলম? আছে যদি দিবাচোন, লগাই চাম.. কিজানিবা অগ্নিদগ্ধ মোৰ এই আঙুলীবোৰে অলপ আৰামেই পাই! স্মৃতিৰ পাহি বোৰ গণি শেষ কৰিবলৈ যে আৰু বহুত বাকী।। "স্মৃতিৰ পাহি" - 𝙏𝙝𝙚 𝙋𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস June 08, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚