Skip to main content

"সংগ্ৰাম - 4"


তৃষ্ণাতুৰ হৃদয়ৰ ঢপঢপনি
বেলকনিৰ বাহিৰৰ বাঁহনী খিনি
হিয়া উজাৰি কান্দিছে
চুলি জোকাৰি নাচিছে
অস্থিৰতাৰ এক উন্মাদ পৰিবেশ!

ফেনৰ বতাহ চোন গাতেই নালাগে
বাহিৰত বলি আছে পছোৱা বতাহ
যাওঁ বাৰে বাৰে সেই বাঁহনীৰ ওচৰলৈ
হৃদয় খন অলপ শীতল কৰিবলৈ
কিন্তু মনটো যে অশান্ত?

ভাল লগা মানুহ বোৰ আৰু নাই
সকলোৱেই দেখোন এৰি গুচি যায়
আকৌ এবাৰ মাউৰা হোৱাৰ অনুভৱ
দেউতাৰ ছবিখনে বৰকৈ আমনি কৰিছে
কিন্তু মই কান্দি থকা কোনেও দেখা নাই!

পৰা নাই আৰু শৈয্য কৰিব
ওলাই যাম অলপ শান্তিৰ সন্ধানত
যত আছে মাথোঁ চৰাইৰ সুৰীয়া মাত
যত বলে মাথোঁ এক তৃপ্তিকৰ শীতল বতাহ
তৃষ্ণাতুৰ হৃদয়ে কিজানি অলপ পানীয়ে বিচাৰি পাই!


"সংগ্ৰাম - 4" - 𝙩𝙝𝙚 𝙥𝙤𝙚𝙩𝙧𝙮
জ্যোতি প্ৰসাদ দাস
April 29, 2020

#𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚


Comments