Skip to main content

"সংগ্ৰাম - 4"


তৃষ্ণাতুৰ হৃদয়ৰ ঢপঢপনি
বেলকনিৰ বাহিৰৰ বাঁহনী খিনি
হিয়া উজাৰি কান্দিছে
চুলি জোকাৰি নাচিছে
অস্থিৰতাৰ এক উন্মাদ পৰিবেশ!

ফেনৰ বতাহ চোন গাতেই নালাগে
বাহিৰত বলি আছে পছোৱা বতাহ
যাওঁ বাৰে বাৰে সেই বাঁহনীৰ ওচৰলৈ
হৃদয় খন অলপ শীতল কৰিবলৈ
কিন্তু মনটো যে অশান্ত?

ভাল লগা মানুহ বোৰ আৰু নাই
সকলোৱেই দেখোন এৰি গুচি যায়
আকৌ এবাৰ মাউৰা হোৱাৰ অনুভৱ
দেউতাৰ ছবিখনে বৰকৈ আমনি কৰিছে
কিন্তু মই কান্দি থকা কোনেও দেখা নাই!

পৰা নাই আৰু শৈয্য কৰিব
ওলাই যাম অলপ শান্তিৰ সন্ধানত
যত আছে মাথোঁ চৰাইৰ সুৰীয়া মাত
যত বলে মাথোঁ এক তৃপ্তিকৰ শীতল বতাহ
তৃষ্ণাতুৰ হৃদয়ে কিজানি অলপ পানীয়ে বিচাৰি পাই!


"সংগ্ৰাম - 4" - 𝙩𝙝𝙚 𝙥𝙤𝙚𝙩𝙧𝙮
জ্যোতি প্ৰসাদ দাস
April 29, 2020

#𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚


Comments

Popular posts from this blog

"সংগ্ৰাম - 3"

তোমাক লৈ ৰচিছিলোঁ সপোন বহুত ধুনীয়া ধুনীয়া সপোন এখনি ধুনীয়া সৰগৰ সপোন কিন্তু এইয়া হঠাতে কি হল সকলো ভাঙি যে সুৰমাৰ হৈ গল।। আজি জীৱন যুদ্ধৰ মই এক অকলশৰীয়া চিপাহী এক আহত চিপাহী চটফটাই আছোঁ এটুপি পানীৰ বাবে কিন্তু তুমি যে নাই মোৰ কাষত।। অন্থ কণ্ঠ শুকাই গৈছে মুখেৰে দেখোন মাত নোলোৱা হৈ গৈছে চকুৰ সমুখত ভাহি ফুৰিছে মাথোঁ তোমাৰেই প্রতিচ্ছবি মৰুভূমিৰ মৰিচিকাৰ দৰে।। ভুল মোৰেই হল যুদ্ধ খন বাচোতে ভুল হৈ গল কিন্তু মই যে আছিলোঁ উপায় বিহীন যিহেতু তুমি আছিলা সেই যুঁজৰ নায়িকা মোৰ সপোনৰ ৰাজকুমাৰী।। "সংগ্ৰাম - 3" - 𝙩𝙝𝙚 𝙥𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস April 26, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

মই আৰু মোৰ গীটাৰ

মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়, যদিও মই তোমাৰ কথা ভবা নাছিলো। মই গীটাৰখন লৈ ষ্ট্ৰিংবোৰ চাফা কৰিলোঁ, কিন্তু মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়! হয়তো মই উন্মাদ হৈ পৰিছো, বৰষুণত শুনিছো তোমাৰ নাম, বতাহত শুনিছো, বাৰে বাৰে শুনিছো, আৰু মোৰ গীটাৰেও যে মাথো  তোমাৰ কথাহে কয়! মই জানো মই আৰু তোমাক কেতিয়াও বিচাৰি নাপাওঁ, বিশ্বাস নহয় যে সকলো শেষ হৈ গ’ল, স্মৃতিবোৰ থাকে চিৰদিনৰ বাবে.. যন্ত্ৰণাদায়ক হৃদয়, কিন্তু মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়। তোমাক ইমানেই মিছ কৰো যে উশাহ বন্ধ হৈ পৰে, আগবাঢ়ি যাবলৈ চেষ্টা কৰো, প্ৰতিদিনে, পদে পদে.. জীৱন হয়টো আৰু কেতিয়াও আগৰ দৰে নহয়, কিন্তু মোৰ গীটাৰেযে মাথো তোমাৰ কথাহে কয়?   হয়, মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়, যদিও মই তোমাৰ কথা ভবা নাই। গীটাৰখন হাতত লৈ ষ্ট্ৰিংবোৰ চাফা কৰিছো, কিন্তু মোৰ গীটাৰেযে মাথো তোমাৰ কথাহে কয়! !! মই আৰু মোৰ গীটাৰ !! জ্যোতি প্ৰসাদ দাস Thu, Nov 2, 2023 ≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠ #The_Poet_In_Me

"স্মৃতিৰ পাহি"

স্মৃতিৰ পাহি বোৰ গণি আছোঁ আঙুলি বোৰ জ্বলি গৈছে চকুৰ পানীক মলম বনাই প্ৰলেপ সানিছোঁ কিন্তু বেছিকৈয়ে জ্বলিছে দেখোন? এক অবুজ ভাষা, যুদ্ধসম পৰিস্থিতি শব্দ বোৰে ইটোৱে সিটোক বিচাৰি হাবাথুৰি খাইছে হৃদয়ত লুলুপ্ত জুৱালামুখীৰ খলকনি আৰু ৰক্তত শীতল লাভাৰ দৌৰাত্ম।। অঃ পাহৰিছিলোয়েই.. ধেৎ.. অশ্ৰুত দেখোন লবন থাকে! বেছিকৈ নজ্বলি নো কি হব? পাগল কৰবাৰ.. ! তোমাৰ ওচৰত আছে নেকি বাৰু কিবা মলম? আছে যদি দিবাচোন, লগাই চাম.. কিজানিবা অগ্নিদগ্ধ মোৰ এই আঙুলীবোৰে অলপ আৰামেই পাই! স্মৃতিৰ পাহি বোৰ গণি শেষ কৰিবলৈ যে আৰু বহুত বাকী।। "স্মৃতিৰ পাহি" - 𝙏𝙝𝙚 𝙋𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস June 08, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚