Skip to main content

"সংগ্ৰাম - 2"


সেমেকা বতৰ
অশান্ত মন
তিক্ততা ভৰা শব্দবোৰ
কঠোৰ চাৱনিৰে ভৰা জীৱন..


দায়িত্বৰ বুজা কঢ়িয়াই
হালি পৰিছে এই শৰীৰ
নিদিবা খহি যাব আমাৰ এই পৃথিৱী
ধৰি ৰাখা তুমি সেই মাজৰ খুটাটি বনি..


দেউতাৰ খঙাল মুখ খনি
ভাহি উঠিছে আজি সমুখত
তুমি সাজি থৈ যোৱা এই সৰগ খনি
ভবা নাছিলো কেতিয়াও
এনেকৈ খহি পৰিব বুলি..


কিমান দিম
আৰু কিমান কৰিম
সদায়ে যেন কম পৰি যায়
দায়িত্বৰ সমাধানৰ মোৰ সেই নোদোকা ভঁৰাল
আজি যেন খালি হৈ যায়..


মোৰ আৰু পাবলৈ একো বাকী নাই
মোৰ আৰু দিবলৈয়ো যেন একো বাকী নাই
এনে লাগে
বাকী আছে যদি মাথোঁ এই উশাহ
লাগে যদি কবা
হয় যদি কাৰোবাৰ দৰকাৰ..


সময়ৰ টাকুৰিত ঘূৰি ঘূৰি
পৰিছোঁ যে ভাগৰি
নাচিবলৈ নাই আৰু মোৰ মন
সেই বগা চাদৰ খনিয়ে দেখোন
মাজে মাজে মাতে কিৰিলিয়াই
কিন্তু ঘূৰি চাবলৈ নাই যে মোৰ সময়
নাজানে নেকি তাই..


কাৰণ মই এতিয়া ব্যস্ত
অত্যন্ত ব্যস্ত
সেই খালি হৈ পৰা সমাধানৰ ভঁৰাল টু
আকৌ যে লাগিব তুলিবলৈ ভৰাই !


"সংগ্ৰাম - 2" - 𝙩𝙝𝙚 𝙥𝙤𝙚𝙩𝙧𝙮
জ্যোতি প্ৰসাদ দাস
April 11, 2020

#𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚



Comments