স্মৃতিৰ পাহি বোৰ গণি আছোঁ
আঙুলি বোৰ জ্বলি গৈছে
চকুৰ পানীক মলম বনাই প্ৰলেপ সানিছোঁ
কিন্তু বেছিকৈয়ে জ্বলিছে দেখোন?
এক অবুজ ভাষা, যুদ্ধসম পৰিস্থিতি
শব্দ বোৰে ইটোৱে সিটোক বিচাৰি হাবাথুৰি খাইছে
হৃদয়ত লুলুপ্ত জুৱালামুখীৰ খলকনি
আৰু ৰক্তত শীতল লাভাৰ দৌৰাত্ম।।
অঃ পাহৰিছিলোয়েই..
ধেৎ..
অশ্ৰুত দেখোন লবন থাকে!
বেছিকৈ নজ্বলি নো কি হব?
পাগল কৰবাৰ.. !
তোমাৰ ওচৰত আছে নেকি বাৰু কিবা মলম?
আছে যদি দিবাচোন, লগাই চাম..
কিজানিবা অগ্নিদগ্ধ মোৰ এই আঙুলীবোৰে অলপ আৰামেই পাই!
স্মৃতিৰ পাহি বোৰ গণি শেষ কৰিবলৈ যে আৰু বহুত বাকী।।
"স্মৃতিৰ পাহি" - 𝙏𝙝𝙚 𝙋𝙤𝙚𝙩𝙧𝙮
জ্যোতি প্ৰসাদ দাস
June 08, 2020
Comments
Post a Comment