Skip to main content

"সংগ্ৰাম - 3"


তোমাক লৈ ৰচিছিলোঁ সপোন
বহুত ধুনীয়া ধুনীয়া সপোন
এখনি ধুনীয়া সৰগৰ সপোন
কিন্তু এইয়া হঠাতে কি হল
সকলো ভাঙি যে সুৰমাৰ হৈ গল।।

আজি জীৱন যুদ্ধৰ
মই এক অকলশৰীয়া চিপাহী
এক আহত চিপাহী
চটফটাই আছোঁ এটুপি পানীৰ বাবে
কিন্তু তুমি যে নাই মোৰ কাষত।।

অন্থ কণ্ঠ শুকাই গৈছে
মুখেৰে দেখোন মাত নোলোৱা হৈ গৈছে
চকুৰ সমুখত ভাহি ফুৰিছে মাথোঁ
তোমাৰেই প্রতিচ্ছবি
মৰুভূমিৰ মৰিচিকাৰ দৰে।।

ভুল মোৰেই হল
যুদ্ধ খন বাচোতে ভুল হৈ গল
কিন্তু মই যে আছিলোঁ উপায় বিহীন
যিহেতু তুমি আছিলা সেই যুঁজৰ নায়িকা
মোৰ সপোনৰ ৰাজকুমাৰী।।

"সংগ্ৰাম - 3" - 𝙩𝙝𝙚 𝙥𝙤𝙚𝙩𝙧𝙮
জ্যোতি প্ৰসাদ দাস
April 26, 2020

#𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚


Comments