Skip to main content

"প্ৰেমৰ কবিতা"


তোমাৰ দুখত কলীয়া ডাৱৰে হিয়া উজাৰি কান্দে..
বৰষুণৰ ভেষত হেনো চকুলো টুকে।
তোমাৰ হৃদয়ৰ দলিছা সদায় যে তিয়াই থৈ যায়..
মোৰ মৰমৰ জ্যোতিয়ে আকৌ হাঁহি হাঁহি শুকুৱাই।।


সেই কাৰণে মই শুকুলা মেঘ ভাল পাওঁ।
তাৰ মাজেৰে সৰকি অহা বেলিৰ কিৰণ..
আৰু তোমাৰ মুখৰ জিলিকনি..
হেঁপাহে যে নপলাই চাই চাই..
এক সৰ্গীয় অনুভূতিত যেন বিলীন হৈ যাওঁ।।


তোমাৰ জীৱন দুখৰ মই বিষ পান কৰো জান।
আৰু চিৰ জীৱন কৰি যাম,
যেতিয়ালৈ বাচি থাখিব এই শৰীৰত..
অলপ মানো প্ৰাণ।।


"প্ৰেমৰ কবিতা" - 𝙏𝙝𝙚 𝙋𝙤𝙚𝙩𝙧𝙮

জ্যোতি প্ৰসাদ দাস

June 1, 2020


#𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚


Comments