Skip to main content

"ৰৈ আছোঁ তোমাৰ বাবে"

আজিও ৰৈ আছোঁ তোমাৰ বাবে
লৈ হৃদয়ৰ সূক্ষ্ম কোনাতে
তুমি দিয়া মৰম আৰু মোৰ দুখৰ
সংগম...

যদি কেতিয়াবা মনত পৰে
মোৰ কবিতাৰ শব্দ বোৰে
জানো আমনি কৰে 
মোৰ গীতৰ সুৰেও
তোমাকে ?

সৌ সিদিনা দুপৰ বেলা
তুমি কৰা সেই প্ৰতিশ্ৰুতি
এক দানবৰ নিষ্ঠুৰতাৰ
হৈ ৰলা এক প্ৰতিকৃতি

নোৱাৰিলোঁ বুজাব হৃদয়ক
নেপালোঁ আজিও উত্তৰ
তুমি দিয়া উপহাৰ 
আৰু সেই প্ৰশ্ন বোৰৰ !!!

নোৱাৰো আৰু সহিব
হৈ ৰলো যেন এটি সাঁথৰ
সমাধান কোনেনো কৰিব
কোনে দিব উত্তৰ

জীৱন তোমাৰ স্মৃতিৰে
ভাহি আছে প্ৰতিচ্ছবি
তীক্ষ্ণ চাৱনি আৰু কঠোৰ ভাষাত
মৰম পাওঁ বিচাৰি

ভালৰ  
পৰিনাম যদি বেয়া হয়
অন্ধকাৰ আজি সজ্জন
কলা বগাৰ আজি কোনো প্ৰভেদ নাই
দানবক কৰিলা মহান

মই দিয়া দুখৰ নাই 
কোনো ক্ষমা
কৰিলোঁ ভুল যদি অজানিতে
বুকুৰ তেজেৰে লিখিম তোমাৰ নাম
সোঁৱৰিম মাথোঁ তোমাকে..

সোঁৱৰিম মাথোঁ তোমাকে !!!


জ্যোতি প্ৰসাদ দাস
Dec 8th 2020
#𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚



Comments