Skip to main content

"ৰৈ আছোঁ তোমাৰ বাবে"

আজিও ৰৈ আছোঁ তোমাৰ বাবে
লৈ হৃদয়ৰ সূক্ষ্ম কোনাতে
তুমি দিয়া মৰম আৰু মোৰ দুখৰ
সংগম...

যদি কেতিয়াবা মনত পৰে
মোৰ কবিতাৰ শব্দ বোৰে
জানো আমনি কৰে 
মোৰ গীতৰ সুৰেও
তোমাকে ?

সৌ সিদিনা দুপৰ বেলা
তুমি কৰা সেই প্ৰতিশ্ৰুতি
এক দানবৰ নিষ্ঠুৰতাৰ
হৈ ৰলা এক প্ৰতিকৃতি

নোৱাৰিলোঁ বুজাব হৃদয়ক
নেপালোঁ আজিও উত্তৰ
তুমি দিয়া উপহাৰ 
আৰু সেই প্ৰশ্ন বোৰৰ !!!

নোৱাৰো আৰু সহিব
হৈ ৰলো যেন এটি সাঁথৰ
সমাধান কোনেনো কৰিব
কোনে দিব উত্তৰ

জীৱন তোমাৰ স্মৃতিৰে
ভাহি আছে প্ৰতিচ্ছবি
তীক্ষ্ণ চাৱনি আৰু কঠোৰ ভাষাত
মৰম পাওঁ বিচাৰি

ভালৰ  
পৰিনাম যদি বেয়া হয়
অন্ধকাৰ আজি সজ্জন
কলা বগাৰ আজি কোনো প্ৰভেদ নাই
দানবক কৰিলা মহান

মই দিয়া দুখৰ নাই 
কোনো ক্ষমা
কৰিলোঁ ভুল যদি অজানিতে
বুকুৰ তেজেৰে লিখিম তোমাৰ নাম
সোঁৱৰিম মাথোঁ তোমাকে..

সোঁৱৰিম মাথোঁ তোমাকে !!!


জ্যোতি প্ৰসাদ দাস
Dec 8th 2020
#𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚



Comments

Popular posts from this blog

"সংগ্ৰাম - 3"

তোমাক লৈ ৰচিছিলোঁ সপোন বহুত ধুনীয়া ধুনীয়া সপোন এখনি ধুনীয়া সৰগৰ সপোন কিন্তু এইয়া হঠাতে কি হল সকলো ভাঙি যে সুৰমাৰ হৈ গল।। আজি জীৱন যুদ্ধৰ মই এক অকলশৰীয়া চিপাহী এক আহত চিপাহী চটফটাই আছোঁ এটুপি পানীৰ বাবে কিন্তু তুমি যে নাই মোৰ কাষত।। অন্থ কণ্ঠ শুকাই গৈছে মুখেৰে দেখোন মাত নোলোৱা হৈ গৈছে চকুৰ সমুখত ভাহি ফুৰিছে মাথোঁ তোমাৰেই প্রতিচ্ছবি মৰুভূমিৰ মৰিচিকাৰ দৰে।। ভুল মোৰেই হল যুদ্ধ খন বাচোতে ভুল হৈ গল কিন্তু মই যে আছিলোঁ উপায় বিহীন যিহেতু তুমি আছিলা সেই যুঁজৰ নায়িকা মোৰ সপোনৰ ৰাজকুমাৰী।। "সংগ্ৰাম - 3" - 𝙩𝙝𝙚 𝙥𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস April 26, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

মই আৰু মোৰ গীটাৰ

মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়, যদিও মই তোমাৰ কথা ভবা নাছিলো। মই গীটাৰখন লৈ ষ্ট্ৰিংবোৰ চাফা কৰিলোঁ, কিন্তু মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়! হয়তো মই উন্মাদ হৈ পৰিছো, বৰষুণত শুনিছো তোমাৰ নাম, বতাহত শুনিছো, বাৰে বাৰে শুনিছো, আৰু মোৰ গীটাৰেও যে মাথো  তোমাৰ কথাহে কয়! মই জানো মই আৰু তোমাক কেতিয়াও বিচাৰি নাপাওঁ, বিশ্বাস নহয় যে সকলো শেষ হৈ গ’ল, স্মৃতিবোৰ থাকে চিৰদিনৰ বাবে.. যন্ত্ৰণাদায়ক হৃদয়, কিন্তু মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়। তোমাক ইমানেই মিছ কৰো যে উশাহ বন্ধ হৈ পৰে, আগবাঢ়ি যাবলৈ চেষ্টা কৰো, প্ৰতিদিনে, পদে পদে.. জীৱন হয়টো আৰু কেতিয়াও আগৰ দৰে নহয়, কিন্তু মোৰ গীটাৰেযে মাথো তোমাৰ কথাহে কয়?   হয়, মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়, যদিও মই তোমাৰ কথা ভবা নাই। গীটাৰখন হাতত লৈ ষ্ট্ৰিংবোৰ চাফা কৰিছো, কিন্তু মোৰ গীটাৰেযে মাথো তোমাৰ কথাহে কয়! !! মই আৰু মোৰ গীটাৰ !! জ্যোতি প্ৰসাদ দাস Thu, Nov 2, 2023 ≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠ #The_Poet_In_Me

"তুমি"

তুমি মোৰ কবিতাৰ লিপি তুমি মোৰ কবিতাৰ শব্দ তুমি মোৰ কবিতাৰ বাক্য তুমিয়ে মোৰ কবিতাৰ উৎস.. তুমি মোৰ কবিতাৰ উশাহ তুমি মোৰ কবিতাৰ নিশাহ তুমি মোৰ কবিতাৰ ভাষা তুমিয়ে মোৰ কবিতাৰ শিখা.. তুমি মোৰ কবিতাৰ প্ৰেৰণা তুমি মোৰ কবিতাৰ গান তুমি মোৰ কবিতাৰ শক্তি তুমিয়ে মোৰ কবিতাৰ প্ৰাণ.. তুমি মোৰ কবিতাৰ চন্দ্ৰ তুমি মোৰ কবিতাৰ লহৰ তুমি মোৰ কবিতাৰ সূৰ্য তুমিয়ে মোৰ কবিতাৰ পোহৰ.. তুমি মোৰ কবিতাৰ হাঁহি তুমি মোৰ কবিতাৰ পাহি তুমি মোৰ কবিতাৰ প্লাৱন তুমিয়ে মোৰ কবিতাৰ জীৱন.. তুমি মোৰ কবিতাৰ কান্দোন তুমি মোৰ কবিতাৰ চিৎকাৰ তুমি মোৰ কবিতাৰ আৰ্তনাদ তুমিয়ে মোৰ কবিতাৰ চিত্ৰকাৰ তুমিয়ে মোৰ কবিতা।। "তুমি" - 𝑻𝒉𝒆 𝑷𝒐𝒆𝒕𝒓𝒚 জ্যোতি প্ৰসাদ দাস May 03, 2020 # 𝑻𝒉𝒆𝑷𝒐𝒆𝒕_𝑰𝒏𝑴𝒆