Skip to main content

"স্তব্ধ জীৱন"

লবানে তুমি আদৰি,

মোৰ অতীতৰ ভুলবোৰ পাহৰি?

আহা আমি যাওঁ আকৌ আগুৱাই

নতুনত্বৰ ফুলবোৰ বুটলি।।


জীৱনৰ মেৰপাকত

হেৰুৱাইছোঁ নিজসস্তা,

দেহৰ শক্তি আৰু

মনৰ ভাৰসাম্যতা,

হেৰুৱাইছোঁ নিজৰ গুণ

আৰু লগতে হাতৰ কলা।।

আহিবানে তুমি

আকৌ এবাৰ

মোৰ শক্তি বনি?


দোষ বোৰ টো মোৰেই আছিল!

এতিয়াহে কৰিছোঁ উপলব্ধি।

কিন্তু তুমিও আছিলা সমানেই দোষী

ঘূৰাই আনি মোৰ সেই লৰালি।।


হেৰাই গল মোৰ সেই কবিতাৰ শব্দ

হেৰাই গল মোৰ গানৰ সুৰ

হেৰাই গল জীৱনৰ অভিলাসী মোহ

হাবাথুৰি খাইছো বিচাৰি

অলপ মাত্ৰ সুখ।।


মানুহ হওঁ!

কোনো যন্ত্ৰ নহয়!

হিয়া এখন হয়তো মোৰো আছে!

কিন্তু আছেনে তোমাৰ ভাবিবলৈ

অকণমানো সময়?


প্ৰেমেৰে ভৰা সেই নিশাবোৰ..

নিস্তব্ধতা ভেদী যোৱা তোমাৰ 

বুকুৰ স্পন্দন..

উত্তপ্ত উশাহ নিশাহৰ কোলাহল

আৰু সপোনতে কৰা আলিংগন।।


মনত পৰেনে তোমাৰ সেই অনুভূতি?

যেতিয়া লৈছিলোঁ তোমাক 

যোৰকৈ বুকুত সাৱটি!

আঁকি দিছিলা তুমি আকুলতাৰ সেই ছুমাটি!

মোৰ ওঁঠত..

মোৰ বুকুত..

আৰু মোৰ হিয়াত..

খোদিত হৈ ৰল

যেন এক প্ৰাচীন মন্দিৰৰ দেৱালত

খোদিত হৈ ৰোৱা এক জীৱন্ত লিপি!


জ্বলাঞ্জলি দিয়া তোমাৰ এই অভিমানী মন..

নহওঁ মই কোনো পৰ,

ছটিয়াই দিয়া আকাশে বতাহে

মোৰ প্ৰেমৰ গঙ্গাজল।।


লবানে তুমি আকৌ এবাৰ আদৰি

মোৰ অতীতৰ সকলো ভুল পাহৰি,

আহা আমি যাওঁ আকৌ আগুৱাই

আমাৰ প্ৰেমৰ ফুলবোৰ বুটলি।।


🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷


≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠

!! স্তব্ধ জীৱন !!

জ্যোতি প্ৰসাদ দাস

Mon, June 28, 2021

≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠

#The_Poet_In_Me



Comments