Skip to main content

"স্তব্ধ জীৱন"

লবানে তুমি আদৰি,

মোৰ অতীতৰ ভুলবোৰ পাহৰি?

আহা আমি যাওঁ আকৌ আগুৱাই

নতুনত্বৰ ফুলবোৰ বুটলি।।


জীৱনৰ মেৰপাকত

হেৰুৱাইছোঁ নিজসস্তা,

দেহৰ শক্তি আৰু

মনৰ ভাৰসাম্যতা,

হেৰুৱাইছোঁ নিজৰ গুণ

আৰু লগতে হাতৰ কলা।।

আহিবানে তুমি

আকৌ এবাৰ

মোৰ শক্তি বনি?


দোষ বোৰ টো মোৰেই আছিল!

এতিয়াহে কৰিছোঁ উপলব্ধি।

কিন্তু তুমিও আছিলা সমানেই দোষী

ঘূৰাই আনি মোৰ সেই লৰালি।।


হেৰাই গল মোৰ সেই কবিতাৰ শব্দ

হেৰাই গল মোৰ গানৰ সুৰ

হেৰাই গল জীৱনৰ অভিলাসী মোহ

হাবাথুৰি খাইছো বিচাৰি

অলপ মাত্ৰ সুখ।।


মানুহ হওঁ!

কোনো যন্ত্ৰ নহয়!

হিয়া এখন হয়তো মোৰো আছে!

কিন্তু আছেনে তোমাৰ ভাবিবলৈ

অকণমানো সময়?


প্ৰেমেৰে ভৰা সেই নিশাবোৰ..

নিস্তব্ধতা ভেদী যোৱা তোমাৰ 

বুকুৰ স্পন্দন..

উত্তপ্ত উশাহ নিশাহৰ কোলাহল

আৰু সপোনতে কৰা আলিংগন।।


মনত পৰেনে তোমাৰ সেই অনুভূতি?

যেতিয়া লৈছিলোঁ তোমাক 

যোৰকৈ বুকুত সাৱটি!

আঁকি দিছিলা তুমি আকুলতাৰ সেই ছুমাটি!

মোৰ ওঁঠত..

মোৰ বুকুত..

আৰু মোৰ হিয়াত..

খোদিত হৈ ৰল

যেন এক প্ৰাচীন মন্দিৰৰ দেৱালত

খোদিত হৈ ৰোৱা এক জীৱন্ত লিপি!


জ্বলাঞ্জলি দিয়া তোমাৰ এই অভিমানী মন..

নহওঁ মই কোনো পৰ,

ছটিয়াই দিয়া আকাশে বতাহে

মোৰ প্ৰেমৰ গঙ্গাজল।।


লবানে তুমি আকৌ এবাৰ আদৰি

মোৰ অতীতৰ সকলো ভুল পাহৰি,

আহা আমি যাওঁ আকৌ আগুৱাই

আমাৰ প্ৰেমৰ ফুলবোৰ বুটলি।।


🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷


≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠

!! স্তব্ধ জীৱন !!

জ্যোতি প্ৰসাদ দাস

Mon, June 28, 2021

≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠

#The_Poet_In_Me



Comments

Popular posts from this blog

"সংগ্ৰাম - 3"

তোমাক লৈ ৰচিছিলোঁ সপোন বহুত ধুনীয়া ধুনীয়া সপোন এখনি ধুনীয়া সৰগৰ সপোন কিন্তু এইয়া হঠাতে কি হল সকলো ভাঙি যে সুৰমাৰ হৈ গল।। আজি জীৱন যুদ্ধৰ মই এক অকলশৰীয়া চিপাহী এক আহত চিপাহী চটফটাই আছোঁ এটুপি পানীৰ বাবে কিন্তু তুমি যে নাই মোৰ কাষত।। অন্থ কণ্ঠ শুকাই গৈছে মুখেৰে দেখোন মাত নোলোৱা হৈ গৈছে চকুৰ সমুখত ভাহি ফুৰিছে মাথোঁ তোমাৰেই প্রতিচ্ছবি মৰুভূমিৰ মৰিচিকাৰ দৰে।। ভুল মোৰেই হল যুদ্ধ খন বাচোতে ভুল হৈ গল কিন্তু মই যে আছিলোঁ উপায় বিহীন যিহেতু তুমি আছিলা সেই যুঁজৰ নায়িকা মোৰ সপোনৰ ৰাজকুমাৰী।। "সংগ্ৰাম - 3" - 𝙩𝙝𝙚 𝙥𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস April 26, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

মই আৰু মোৰ গীটাৰ

মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়, যদিও মই তোমাৰ কথা ভবা নাছিলো। মই গীটাৰখন লৈ ষ্ট্ৰিংবোৰ চাফা কৰিলোঁ, কিন্তু মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়! হয়তো মই উন্মাদ হৈ পৰিছো, বৰষুণত শুনিছো তোমাৰ নাম, বতাহত শুনিছো, বাৰে বাৰে শুনিছো, আৰু মোৰ গীটাৰেও যে মাথো  তোমাৰ কথাহে কয়! মই জানো মই আৰু তোমাক কেতিয়াও বিচাৰি নাপাওঁ, বিশ্বাস নহয় যে সকলো শেষ হৈ গ’ল, স্মৃতিবোৰ থাকে চিৰদিনৰ বাবে.. যন্ত্ৰণাদায়ক হৃদয়, কিন্তু মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়। তোমাক ইমানেই মিছ কৰো যে উশাহ বন্ধ হৈ পৰে, আগবাঢ়ি যাবলৈ চেষ্টা কৰো, প্ৰতিদিনে, পদে পদে.. জীৱন হয়টো আৰু কেতিয়াও আগৰ দৰে নহয়, কিন্তু মোৰ গীটাৰেযে মাথো তোমাৰ কথাহে কয়?   হয়, মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়, যদিও মই তোমাৰ কথা ভবা নাই। গীটাৰখন হাতত লৈ ষ্ট্ৰিংবোৰ চাফা কৰিছো, কিন্তু মোৰ গীটাৰেযে মাথো তোমাৰ কথাহে কয়! !! মই আৰু মোৰ গীটাৰ !! জ্যোতি প্ৰসাদ দাস Thu, Nov 2, 2023 ≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠ #The_Poet_In_Me

"স্মৃতিৰ পাহি"

স্মৃতিৰ পাহি বোৰ গণি আছোঁ আঙুলি বোৰ জ্বলি গৈছে চকুৰ পানীক মলম বনাই প্ৰলেপ সানিছোঁ কিন্তু বেছিকৈয়ে জ্বলিছে দেখোন? এক অবুজ ভাষা, যুদ্ধসম পৰিস্থিতি শব্দ বোৰে ইটোৱে সিটোক বিচাৰি হাবাথুৰি খাইছে হৃদয়ত লুলুপ্ত জুৱালামুখীৰ খলকনি আৰু ৰক্তত শীতল লাভাৰ দৌৰাত্ম।। অঃ পাহৰিছিলোয়েই.. ধেৎ.. অশ্ৰুত দেখোন লবন থাকে! বেছিকৈ নজ্বলি নো কি হব? পাগল কৰবাৰ.. ! তোমাৰ ওচৰত আছে নেকি বাৰু কিবা মলম? আছে যদি দিবাচোন, লগাই চাম.. কিজানিবা অগ্নিদগ্ধ মোৰ এই আঙুলীবোৰে অলপ আৰামেই পাই! স্মৃতিৰ পাহি বোৰ গণি শেষ কৰিবলৈ যে আৰু বহুত বাকী।। "স্মৃতিৰ পাহি" - 𝙏𝙝𝙚 𝙋𝙤𝙚𝙩𝙧𝙮 জ্যোতি প্ৰসাদ দাস June 08, 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚