Skip to main content

মই আৰু মোৰ গীটাৰ


মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়,

যদিও মই তোমাৰ কথা ভবা নাছিলো।

মই গীটাৰখন লৈ ষ্ট্ৰিংবোৰ চাফা কৰিলোঁ,

কিন্তু মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়!


হয়তো মই উন্মাদ হৈ পৰিছো,

বৰষুণত শুনিছো তোমাৰ নাম,

বতাহত শুনিছো, বাৰে বাৰে শুনিছো,

আৰু মোৰ গীটাৰেও যে মাথো  তোমাৰ কথাহে কয়!


মই জানো মই আৰু তোমাক কেতিয়াও বিচাৰি নাপাওঁ,

বিশ্বাস নহয় যে সকলো শেষ হৈ গ’ল,

স্মৃতিবোৰ থাকে চিৰদিনৰ বাবে.. যন্ত্ৰণাদায়ক হৃদয়,

কিন্তু মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়।


তোমাক ইমানেই মিছ কৰো যে উশাহ বন্ধ হৈ পৰে,

আগবাঢ়ি যাবলৈ চেষ্টা কৰো, প্ৰতিদিনে, পদে পদে..

জীৱন হয়টো আৰু কেতিয়াও আগৰ দৰে নহয়,

কিন্তু মোৰ গীটাৰেযে মাথো তোমাৰ কথাহে কয়?

 

হয়, মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়,

যদিও মই তোমাৰ কথা ভবা নাই।

গীটাৰখন হাতত লৈ ষ্ট্ৰিংবোৰ চাফা কৰিছো,

কিন্তু মোৰ গীটাৰেযে মাথো তোমাৰ কথাহে কয়!


!! মই আৰু মোৰ গীটাৰ !!

জ্যোতি প্ৰসাদ দাস

Thu, Nov 2, 2023

≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠

#The_Poet_In_Me

Comments

Popular posts from this blog

"মোৰ জীৱন : এক সূৰ্য গ্ৰহণ"

উদয় নহওতেই গ্ৰহণ লগা এটি সূৰ্য। সূৰ্যৰ কিৰণে ভেদিব নোৱাৰা, এক বিশাল কলীয়া ডাৱৰ। আৱৰি ধৰিছে জীৱন। অন্ধকাৰময় পৃথিৱী এখন।। এক ক্ষুদ্ৰ ধূলিকনা। এক বিশাল মৰুভূমি। খেদি ফুৰিছে মৰিচিকা। পিয়াসী মন, পিয়াসী আত্মা। পানী বিচাৰি খাইছে হাবাথুৰি।। লুলুপ্তপ্ৰায় শৰীৰ, আধামৰা জীৱন। ধংসস্তুপত পৰিণত সপোন। ভালৰ পৰিনাম বেয়া! ভগবান নে দানব? সৰি পৰা গছৰ পাত। কিতাপৰ মাজত মৰহি যোৱা ফুল। হেৰাই যোৱা গীতৰ ব্যাকৰণ। বেসুৰা গীতৰ সুৰ।। কষ্ট, বেদনা, অকলশৰীয়া নিশা। পাৰ নোহোৱা সময়। অশান্তিময় ৰাতিপুৱা। চৰাইৰ অশান্তিকৰ কোলাহল।। পোহৰৰ প্ৰস্থান। আশা নিৰাশাৰ যুজঁ। চাৰিওফালে অন্ধকাৰ। পুনৰ আৱিৰ্ভাৱ এক গ্ৰহণ লগা সূৰ্যৰ।। মনক সান্তনা যাচিছোঁ, ইয়াকে কয়। তুমি যে শুব পাৰিছা, এক অপূৰ্ব শান্তিৰ পৰশ লৈ।। "মোৰ জীৱন : এক সূৰ্য গ্ৰহণ" - The Poetry জ্যোতি প্ৰসাদ দাস July 14th 2020 # 𝙏𝙝𝙚𝙋𝙤𝙚𝙩_𝙄𝙣𝙈𝙚

"স্তব্ধ জীৱন"

লবানে তুমি আদৰি, মোৰ অতীতৰ ভুলবোৰ পাহৰি? আহা আমি যাওঁ আকৌ আগুৱাই নতুনত্বৰ ফুলবোৰ বুটলি।। জীৱনৰ মেৰপাকত হেৰুৱাইছোঁ নিজসস্তা, দেহৰ শক্তি আৰু মনৰ ভাৰসাম্যতা, হেৰুৱাইছোঁ নিজৰ গুণ আৰু লগতে হাতৰ কলা।। আহিবানে তুমি আকৌ এবাৰ মোৰ শক্তি বনি? দোষ বোৰ টো মোৰেই আছিল! এতিয়াহে কৰিছোঁ উপলব্ধি। কিন্তু তুমিও আছিলা সমানেই দোষী ঘূৰাই আনি মোৰ সেই লৰালি।। হেৰাই গল মোৰ সেই কবিতাৰ শব্দ হেৰাই গল মোৰ গানৰ সুৰ হেৰাই গল জীৱনৰ অভিলাসী মোহ হাবাথুৰি খাইছো বিচাৰি অলপ মাত্ৰ সুখ।। মানুহ হওঁ! কোনো যন্ত্ৰ নহয়! হিয়া এখন হয়তো মোৰো আছে! কিন্তু আছেনে তোমাৰ ভাবিবলৈ অকণমানো সময়? প্ৰেমেৰে ভৰা সেই নিশাবোৰ.. নিস্তব্ধতা ভেদী যোৱা তোমাৰ  বুকুৰ স্পন্দন.. উত্তপ্ত উশাহ নিশাহৰ কোলাহল আৰু সপোনতে কৰা আলিংগন।। মনত পৰেনে তোমাৰ সেই অনুভূতি? যেতিয়া লৈছিলোঁ তোমাক  যোৰকৈ বুকুত সাৱটি! আঁকি দিছিলা তুমি আকুলতাৰ সেই ছুমাটি! মোৰ ওঁঠত.. মোৰ বুকুত.. আৰু মোৰ হিয়াত.. খোদিত হৈ ৰল যেন এক প্ৰাচীন মন্দিৰৰ দেৱালত খোদিত হৈ ৰোৱা এক জীৱন্ত লিপি! জ্বলাঞ্জলি দিয়া তোমাৰ এই অভিমানী মন.. নহওঁ মই কোনো পৰ, ছটিয়াই দিয়া আকাশে বতাহে মোৰ প্ৰেমৰ গঙ্গাজল।। লবানে তুমি আকৌ এ