Skip to main content

মই আৰু মোৰ গীটাৰ


মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়,

যদিও মই তোমাৰ কথা ভবা নাছিলো।

মই গীটাৰখন লৈ ষ্ট্ৰিংবোৰ চাফা কৰিলোঁ,

কিন্তু মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়!


হয়তো মই উন্মাদ হৈ পৰিছো,

বৰষুণত শুনিছো তোমাৰ নাম,

বতাহত শুনিছো, বাৰে বাৰে শুনিছো,

আৰু মোৰ গীটাৰেও যে মাথো  তোমাৰ কথাহে কয়!


মই জানো মই আৰু তোমাক কেতিয়াও বিচাৰি নাপাওঁ,

বিশ্বাস নহয় যে সকলো শেষ হৈ গ’ল,

স্মৃতিবোৰ থাকে চিৰদিনৰ বাবে.. যন্ত্ৰণাদায়ক হৃদয়,

কিন্তু মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়।


তোমাক ইমানেই মিছ কৰো যে উশাহ বন্ধ হৈ পৰে,

আগবাঢ়ি যাবলৈ চেষ্টা কৰো, প্ৰতিদিনে, পদে পদে..

জীৱন হয়টো আৰু কেতিয়াও আগৰ দৰে নহয়,

কিন্তু মোৰ গীটাৰেযে মাথো তোমাৰ কথাহে কয়?

 

হয়, মোৰ গীটাৰে মাথো তোমাৰ কথাহে কয়,

যদিও মই তোমাৰ কথা ভবা নাই।

গীটাৰখন হাতত লৈ ষ্ট্ৰিংবোৰ চাফা কৰিছো,

কিন্তু মোৰ গীটাৰেযে মাথো তোমাৰ কথাহে কয়!


!! মই আৰু মোৰ গীটাৰ !!

জ্যোতি প্ৰসাদ দাস

Thu, Nov 2, 2023

≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠≠

#The_Poet_In_Me

Comments